অসমীয়া সাধাৰণ জ্ঞান - ১ (প্ৰশ্নোত্তৰ)
প্ৰশ্ন : ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি?
উত্তৰ : অতুলনীয়।
প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ : ৩,১১,৬৯,২৭২।
প্ৰশ্ন : ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি?
উত্তৰ : নগাঁও।
প্ৰশ্ন : ২০০১-২০১১ চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান?
উত্তৰ : +১৬.৯৩।
প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?
উত্তৰ : ৭৩.১৮।
প্ৰশ্ন : অসমৰ কোন খন জিলাত পুৰুষ-মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক?
উত্তৰ : গোৱালপাৰা।
প্ৰশ্ন : অসমৰ পুৰণি নাম কি?
উত্তৰ : কামৰুপ আৰু প্ৰাগজ্যোতিষপুৰ।
প্ৰশ্ন : ২০০১ ৰ লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান?
উত্তৰ :মহিলা ৫২% আৰু পুৰুষ ৪৮%।
প্ৰশ্ন : অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন?
উত্তৰ : ‘অ’ মোৰ আপোনাৰ দেশ’ – ৰচক – লক্ষ্মীনাথ বেজবৰুৱা।
প্ৰশ্ন : অসমৰ জাতীয় প্ৰতীক কি?
উত্তৰ : এশিঙীয়া গঁড়।
প্ৰশ্ন : অসমৰ কোন খন জিলাত গৰম পানীৰ উহ আছে?
উত্তৰ : গোলাঘাট।
প্ৰশ্ন : বদৰপুৰ উত্তৰ-পূব ৰেলৱেৰ এটা বৃহৎ জংচন। ই অসমৰ কোন খন জিলাত অৱস্থিত?
উত্তৰ : কৰিমগঞ্জ।
প্ৰশ্ন : অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে?
উত্তৰ : ২.৩৯ (প্ৰায়) শতাংশ।
প্ৰশ্ন : অসমৰ মুঠ মাটিকালি কিমান?
উত্তৰ : ৭৮,৪৩৮ (প্ৰায়) বৰ্গ কি:মি:।
প্ৰশ্ন : অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?
উত্তৰ : ১২৬ খন।
প্ৰশ্ন : লোক সভাত অসমৰ সদস্য সংখ্যা কিমান?
উত্তৰ : ১৪ জন।
প্ৰশ্ন : অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?
উত্তৰ : ৭ জন।
Post a Comment
0 Comments