অসমীয়া সাধাৰণ জ্ঞান - ৭ (প্ৰশ্নোত্তৰ)
প্ৰশ্ন : মাধৱদেৱ কোন আছিল?
উত্তৰ : শংকৰদেৱৰ প্ৰধান শিষ্য। শংকৰদেৱেৰ মৃত্যুৰ পাছত মাধৱদেৱে একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ গুৰি বঠা ধৰিছিল।
প্ৰশ্ন : বৈষ্ণৱ ধৰ্মৰ মুখ্য অনুষ্ঠান সমূহ কি কি?
উত্তৰ : সত্ৰ আৰু নামঘৰ।
প্ৰশ্ন: শংকৰদেৱে ক’ত জন্ম গ্ৰহণ কৰিছিল?
উত্তৰ : নগাঁৱৰ বৰদোৱা বা বটদ্ৰৱাত।
প্ৰশ্ন : অসমৰ সত্ৰ সমূহৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ : মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ।
প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱৰ ক’ত বৈকুণ্ঠ প্ৰয়াণ হয়?
উত্তৰ : কোচবিহাৰ (বৰ্তমান পশ্চিমবংগ)।
প্ৰশ্ন : অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা?
উত্তৰ : আৰ্য।
প্ৰশ্ন : পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰুপে পৰিগণিত?
উত্তৰ : কামৰুপী।
প্ৰশ্ন : শ্ৰী মন্ত শংকৰদেৱে তেখেতৰ নাট সমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল?
উত্তৰ : ব্ৰজাৱলী।
প্ৰশ্ন : কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল?
উত্তৰ : ১৮৭২ চনত , চাৰ জৰ্জ কেম্পবেলে।
প্ৰশ্ন : ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্ৰথম নাট?
উত্তৰ : কমেদী অৱ এৰৰ্চ।
প্ৰশ্ন : কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?
উত্তৰ : ১৯৬০ চনত।
প্ৰশ্ন : অসমীয়া চুটি গল্পৰ ‘পিতৃস্বৰুপ’ কোন?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।
প্ৰশ্ন : ১৯৯০ চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস?
উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱা, ভানুমতী।
প্ৰশ্ন : শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয়?
উত্তৰ : অংকীয়া নাট।
প্ৰশ্ন : ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈও অধিক লোকে অসমীয়া ভাষা কয়?
উত্তৰ : ৬০ শতাংশতকৈ অধিক।
প্ৰশ্ন : প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল?
উত্তৰ : ১৮৬৭ চন, মাইলছ ব্ৰনছনে।
প্ৰশ্ন : প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন?
উত্তৰ : ভট্টদেৱ।
প্ৰশ্ন : আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোন খন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি?
উত্তৰ : অসমীয়া ল’ৰাৰ মিত্ৰ।
অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি?
উত্তৰ : ফণী শৰ্মা।
প্ৰশ্ন : অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি?
উত্তৰ : চন্দ্ৰকান্ত অভিধান।
প্ৰশ্ন : অসমৰ মুখ্য ভাষা কি?
উত্তৰ : অসমীয়া।
প্ৰশ্ন : হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি?
উত্তৰ : চিত্ৰ ভাগৱত।
প্ৰশ্ন : অসমীয়া ভাষা – সাহিত্যৰ ‘পিতৃ’ কোন?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।
প্ৰশ্ন : অসমীয়া চুটি গল্পৰ জনক কোন?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা
প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ ‘বনফুল’ (১৯৫৫) ৰ ৰচক কোন?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।
প্ৰশ্ন : ‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ অসমীয়া অনুবাদ কোনে কৰিছিল?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱে।
প্ৰশ্ন : ‘শোণিত কুঁৱৰী’ নাটক খনৰ লেখক কোন?
উত্তৰ : ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।
প্ৰশ্ন : অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি?
উত্তৰ : অসম সাহিত্য সভা।
প্ৰশ্ন : ‘ৰামায়ণ’ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰ : মাধৱ কন্দলী।
প্ৰশ্ন : অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি কাক আখ্যা দিয়া হয়?
উত্তৰ : ৰজনীকান্ত বৰদলৈ।
প্ৰশ্ন : প্ৰায় সমগ্ৰ ‘মহাভাৰত’ কোনে অসমীয়াত ৰচনা কৰিছিল?
উত্তৰ : ৰাম সৰস্বতী।
প্ৰশ্ন : ‘গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ : নাথান ব্ৰাউন।
প্ৰশ্ন : অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট খনৰ নাম কি?
উত্তৰ : বীণ বৰাগী।
প্ৰশ্ন : অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিক গৰাকী কন?
উত্তৰ : ৰঞ্জু হাজৰিকা।
প্ৰশ্ন: বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায়?
উত্তৰ : চৰিত পুথি।
প্ৰশ্ন : সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি খনৰ নাম কি?
উত্তৰ : সংগীত কোষ (লক্ষ্মীনাথ বেজবৰুৱা)।
প্ৰশ্ন : ইতিহাসৰ আন এটা নাম কি?
উত্তৰ : বুৰঞ্জী।
প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন?
উত্তৰ : ভট্টদেৱক।
প্ৰশ্ন : অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি?
উত্তৰ : হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি।
প্ৰশ্ন : প্ৰথম প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম আৰু প্ৰকাশৰ চনটো কি?
উত্তৰ : ‘ধৰ্ম-পুস্তক’, ১৮১৩ৱ চনত।
প্ৰশ্ন : অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?
উত্তৰ : খ্ৰীষ্টীয় নৱম-দশম শতিকাত।
প্ৰশ্ন : জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন কোন?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।
প্ৰশ্ন : অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ‘ডাইজেষ্ট’ আলোচনী খনৰ নাম কি?
উত্তৰ : তফজ্জুল আলি সম্পাদিত ‘সংগম’।
প্ৰশ্ন : অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি?
উত্তৰ : কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ।
প্ৰশ্ন : ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম অধিবেশন ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰ : ১৮৮৮ চনৰ ২৫ আগষ্টত ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীট (বৰ্তমান সূৰ্যসেন ষ্ট্ৰীট), কলিকতা (বৰ্তমান ক’লকাতা) – ৯ ত হৈছিল।
প্ৰশ্ন : কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে?
উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে।
প্ৰশ্ন : প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি কি?
উত্তৰ : হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী।
প্ৰশ্ন : কোনে, কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল?
উত্তৰ : কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মেননে, ১৯৪০ চনত।
প্ৰশ্ন : ‘ধন্য নৰ তনু ভাল’ নামৰ পুথি খন কোনে ৰচনা কৰিছিল?
উত্তৰ : শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে এই উপন্যাস খন ৰচনা কৰিছিল।
প্ৰশ্ন : অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছিল?
উত্তৰ : মাগধী, প্ৰাকৃত, আৰ্যোত্তৰ ভাষাসমূহ, জনজাতীয় ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্ছী, আৰবী আদি বিদেশী ভাষা সমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছিল।
প্ৰশ্ন : ‘কীৰ্তন-ঘোষা’ আৰু ‘নামঘোষা’ ৰ ৰচক কোন?
উত্তৰ : মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল।
প্ৰশ্ন : পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত আছিল?
উত্তৰ : পূৰ্বতে আহোম সকল টাই ভাষাৰ অন্তৰ্ভূক্ত আছিল।
প্ৰশ্ন : অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি?
উত্তৰ : তেওঁলোক হ’ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন।
প্ৰশ্ন : মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ : ১৮৪২ চনৰ ১৪ নৱেম্বৰত।
প্ৰশ্ন : মামণি ৰয়চম গোস্বামীয়ে কেতিয়া ‘জ্ঞানপীঠ বঁটা’ অৰ্জন কৰিছিল?
উত্তৰ : ২০০০চনত।
প্ৰশ্ন : অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ৰ প্ৰতিস্থাপক সম্পাদক কোন আছিল?
উত্তৰ : নাথান ব্ৰাউন।
প্ৰশ্ন : ‘সাহিত্যৰথী’ নামেৰে জনাজাত অসমৰ প্ৰখ্যাত সাহিত্যিক জনৰ নাম কি?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।
প্ৰশ্ন : অসমৰ ‘অ’ মোৰ আপোনাৰ দেশ’ নামৰ জাতীয় সঙ্গীতটোৰ ৰচক কোন?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।
প্ৰশ্ন : কাক ১৯৫৮ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৬৭ চনত ‘অলকানন্দা’ৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়?
উত্তৰ : নলিনীবালা দেৱী।
প্ৰশ্ন : অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?
উত্তৰ : ১৯৬১ চনত।
প্ৰশ্ন : অসামৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনৰ প্ৰকাশিত হৈছিল?
উত্তৰ : ১৮৪৬ চনত।
প্ৰশ্ন : প্ৰথম অসমীয়া মাহেকীয়া আলোচনী ‘জোনাকী’ প্ৰথমবাৰ কলিকতাৰ (এতিয়াৰ ক’লকাতা) পৰা প্ৰকাশিত হৈছিল?
উত্তৰ : ১৮৮৯ চনত।
প্ৰশ্ন : জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম জন অসমীয়া সাহিত্যিক কোন?
উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
প্ৰশ্ন : প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ নাম কি?
উত্তৰ : ৰুক্মিণী হৰণ।
Post a Comment
0 Comments