Type Here about your Information !

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (১৯ নৱেম্বৰ ১৮৬৪ - ২৬ মাৰ্চ ১৯৩৮) - ৰচনা

 

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (১৯ নৱেম্বৰ ১৮৬৪ - ২৬ মাৰ্চ ১৯৩৮)

(আৰম্ভণি, শিক্ষা আৰু কৰ্ম জীৱন, সাহিত্যিক অবদান, সামৰণি)

আৰম্ভণিঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া যুগ সৃষ্টি কাৰি লেখক। বৈষ্ণৱ যুগৰ পিছত আধুনিক যুগৰ আৰম্ভণিৰ পৰাদ্বিতীয় মহাযুদ্ধৰ আগলৈকে প্ৰায় অৰ্ধশতাব্দি কাল অসমীয়া সাহিত্যত ' বেজবৰুৱা যুগ' বুলি কলেও অতুক্তি নহয়।

   বেজবৰুৱা অসমৰ এটা ঐতিহ্যমণ্ডিত অভিজাত পৰিয়ালৰ বংশধৰ। তেওঁৰ পিতৃ দেৱতা ডাঙৰীয়া দীননাথ বেজবৰুৱা শেষ আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজ - বৈদ্য আছিল। ব্ৰিটিছৰ দিনত তেখেত প্ৰথমে চিৰস্তাদৰ আৰু পিছত মুন্সিফ হৈছিলগৈ। দেউতাক নগাঁৱৰ পৰা বদলি হৈ নাৱেৰে সপৰিয়ালে বৰপেটালৈ ভটিয়াই আহোঁতে বাটত নগাঁৱৰ আহঁতগুৰি নামে ঠাইত নাওৰ বুকুতে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। বেজবৰুৱাৰ নিজৰ ভাষাতে কব লাগিলে সেয়ে তেখেতে ভূমিষ্ঠ নহৈ নৌকাষ্ঠহে  হৈছিল। সেইদিনা আছিল ইং ১৮৬৮ চনৰ ১৯ নবেম্বৰ, লক্ষ্মীপূৰ্নিমা। লক্ষ্মী পূৰ্ণিমাত জন্ম হোৱা বাবে হেনো তেওঁৰ নাম লক্ষ্মীনাথ ৰখা হৈছিল। চৰকাৰী কামত দেউতাক অসমৰ নানান ঠাইত কটাবলগীয়া হৈছিল আৰু দেউতাকৰ লগতে বেজবৰুৱাৰো অসমৰ  নানান ঠাই দেখাৰ আৰু জনাৰ সৌভাগ্য ঘটিল।


শিক্ষা আৰু কৰ্ম জীৱনঃ বেজবৰুৱাদেৱ সৰুৰে পৰা অনুসন্ধিৎসু আৰু শৰ্মবেক্ষনশীল স্বভাৱৰ আছিল। পঢ়াশলীয়া লিখা-পঢ়াতকৈ হাতে কামে শিক্ষা আৰু খেল ধেমালিৰ প্ৰতিহে তেখেত অধিক অনুৰাগী আছিল। সেয়ে ছাত্ৰ হিচাপে তেখেত চকুত পৰা বিধৰ নাছিল, ইং ১৮৮৬ চনত শিৱসাগৰ হাইস্কুলৰ পৰা পৰীক্ষাত উৰ্ত্তীণ হৈ কুৰিটকীয়া জলপানি লৈ তেখেত কলিকতাৰ কলেজত পঢ়িবলৈ যায় আৰু ১৯০৮ খিস্তাব্দত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে স্নাতক উপাধি লাভ কৰে। ইংৰাজী সাহিত্যৰ এম এ আৰু আইনৰ পৰীক্ষা দিবলৈও তেখেত সাজু হৈছিল, কিন্তু বিশ্ববিদ্যালয়ৰ পৰীক্ষা- সংক্ৰান্ত নীতিৰ আসোৱাহ দেখি তেখেতে আইন পৰীক্ষা নিদিলে অসম চৰকাৰে তেখেতক তিনিবাৰ মুন্সিফ শব্দ মচাটো তেখেতে তাক গ্ৰহণ নকৰি স্বাধীনভাবে ব্যৱসায় কৰিবলৈ মন মেলিলে। বেজবৰুৱাদেৱে প্ৰথমতে অসমৰ স্বনাম ধন্য ব্যৱসায় সাউদ ভোলানাথ  বৰুৱাদেৱৰ লগত মূটীয়াভাবে কাঠৰ ব্যৱসায় কৰিবলৈ লয়। পিছত ভোলানাথ বৰুৱাদেৱৰ লগ এৰি 'বাৰ্ড কোম্পানী'ত বছৰ দিয়েক কাম কৰি উৰিষ্যাৰ সম্বলপুৰত নিজাকৈ কাৰবাৰ কৰে। আগৰদৰে আয় নহলেও এই কাৰবাৰ কৰিয়ে তেখেতে স্বচ্ছলতাৰে চলিব পাৰিছিল।

       ইং ১৮৯১ চনত ২৩ বছৰ বয়সত বেজবৰুৱাদেৱে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ প্ৰজ্ঞাসুণ্দৰী দেৱীৰ শানিগ্ৰহণ কৰে। এখেত এগৰাকী বিদুষী মহিলা আৰু আদৰ্শ গৃহিণী আছিল। ইং ১৯৩৮ চনৰ ২৬ মাৰ্চ তাৰিখে অসমীয়া সাহিত্যৰ কাণ্ডাৰী সব্যসাচি বেজবৰুৱাই ডিব্ৰুগড়ত জোৱায়েক ৰোহিনী বৰুৱাৰ ঘৰত নৰদেহ ত্যাগ কৰে । 
 
সাহিত্যিক অবদানঃ বেজবৰুৱা আছিল আগশাৰীৰ জাতীয়তাবাদী লেখক। কলিকতাৰ কলেজত পঢ়ি থকা কালতে তেখেতে প্ৰিয় বন্ধু চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু ৰজনীকান্ত বৰদলৈ আদিৰ লগলাগি  'জোনাকী' নামৰ  এখন মাহেকীয়া কাকত উলিয়ায়। 'জোনাকী'ৰ পাততে তেখেতে 'বাঁহী' নামৰ মাহেকীয়া কাকত এখন উলিয়ায় আৰু তেখেতৰ মৃত্যুৰ পাছতো তেখেতৰ সুযোগ্য ভতিজাক মাধৱচন্দ্ৰ বেজবৰৱাৰ সম্পাদনাত ১৯৪৫ চনলৈ এই কাকত খন ওলাই থাকে । 

        নাটক উপন্যাস, চুটিগল্প ,কবিতা, জীৱনী, গহীন আৰু লঘূ ৰচনা , সমালোচনা আদি সাহিত্যৰ প্ৰায় সকলো দিশতে বেজবুৱাদেৱৰ বুজন বিধৰ বৰঙণি আছে। চক্ৰধবজ সিংহ,  বেলিমাৰ ,জয়মতী  আদি তেখেতৰ উল্লেখ যোগ্য নাটক। জয়মতী নাটকৰ 'ডালিমী' তেখেতৰ অন্যৱদ্য সৃষ্টি । সুৰভি, জোনবিৰি, সাধুকথা কুকি, কেহোকলি তেখেতৰ চুটিগল্পৰ সংগ্ৰহ। তেখেত অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্প লেখক। অসমীয়া সাধুকথাৰ সাচত ঢালি ইংৰাজী চুটিগল্পৰ আদৰ্শত তেখেতে এইবিধ সাহিত্যৰ সৃষ্টি কৰিছিল। নাটক আৰু চুটিগল্পৰ উপৰিও 'ডাঙৰীয়া দীননাথ বেজবৰুৱা', 'শ্ৰী শ্ৰী শঙ্কৰদেৱ- মাধৱদেৱ' , 'মোৰ জীৱন সোৱৰণ', আদি জীৱনী গ্ৰন্থ , 'পদুম কুঁৱৰীৰ' উপন্যাস আৰু 'কদমকলি' নামৰ এখন কবিতা পুথি  ৰচনা কৰিছিল। 'ত্বত্ত কথা' , 'কৃষ্ণকথা', 'বাখৰ', 'কামত কৃতিত্ব লভিবৰ সংকেত',  'ভগৱৎ কথা, আদি তেখেতৰ গহীন ৰচনা, ককা দেউতা আৰু নাতি লৰা, বুঢ়ি আইৰ সাধু , পুৰণি সাধু কথাৰ সংগ্ৰহ, । 'জুনুকা' এখন শুৱলা শিশু গ্ৰন্থ । কৃপাবৰ বৰবৰুৱা নাম লৈ তেখেতে এলানি খুহুতীয়া ব্যংগ পুথিও ৰচনা কৰিছিল। সেইবোৰৰ ভিতৰত কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, বৰবৰুৱাৰ উভটনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, বুলনি আদি উল্লেখযোগ্য। কৃপাবৰ বৰুৱা নাম লৈ লিখা তেখেতৰ এই ৰচনা ৰাজি আৰু ধেমেলীয়া নাটকাৱলি। নোমল, পাচনি, লিতিকাই, চিকৰপতি - নিকৰপতি, আদি হাঁহিৰ ৰহমৰা । এইবোৰ গ্ৰন্থত আমাৰ অসমীয়া সমাজৰ দোষবোৰ ভেঙুচালি কৰি সমাজ খনক শুদ্ধ কৰাৰ প্ৰয়াস দেখা যায় । 


সামৰণিঃ বেজবৰুৱা এগৰাকী ব্যক্তিত্ব সম্পন্ন পুৰুষ আছিল । কুৰি শতিকাৰ মাজভাগলৈকে তেখেতৰ লিখনি আৰু ব্যক্তিত্বৰ প্ৰভাৱ নপৰা অসমীয়া সাহিত্যিক নাই বুলিবই পাৰি। তেখেতৰ লিখনি আছিল নিভাজ, বলিষ্ঠ আৰু প্ৰভাৱশালী। ড° বাণীকান্ত কাকতিৰ নিচিনা মনীষীয়ে তেখেতৰ লিখনিৰ প্ৰসংগত কৈছে - "বেজবৰুৱাৰ ৰচনাৰ পদ্ধতিৰ প্ৰতি সবিশেষ মন নিদিয়াকৈ ৰাখিবলৈ যোৱাটো ভাষাৰ প্ৰতি অবিচাৰ কৰা হয়।"

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.